Look Inside

Hap aru Ami, সাপ আৰু আমি, ডাঃ সুৰজিত গিৰি

সৰ্পদংশন আৰু অসমৰ গ্ৰাম্যাঞ্চলত ইয়াৰ চিকিৎসা সম্পৰ্কীয় বিৰল অভিজ্ঞতা আৰু বাস্তৱ কাহিনীৰে এজন আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসকে লিখা তথ্যসমৃদ্ধ আৰু সুখপাঠ্য গ্ৰন্থ

270.00

20 in stock

Weight 0.2 kg
Dimensions 21 × 14 × 3 cm
Author

Dr. Surajit Giri

Publisher

Purbayon Publication

Reviews

There are no reviews yet.

Be the first to review “Hap aru Ami, সাপ আৰু আমি, ডাঃ সুৰজিত গিৰি”

Your email address will not be published. Required fields are marked *

Editorial Review

এগৰাকী খ্যাতিমান অথচ সাধাৰণ মানুহৰ কাৰণে নিজক উৎসৰ্গা কৰা চিকিৎসক ডাঃ সুৰজিত গিৰিৰ 'সাপ আৰু আমি' গ্ৰন্থখন বিভিন্ন দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ৷ সাপক লৈ আমাৰ সমাজত বিভিন্ন বিশ্বাস প্ৰচলিত হৈ আছে৷ বিভিন্ন ভ্ৰান্ত ধাৰণাও আছে, লোকবিশ্বাস আৰু কিংবদন্তীতো আছে সাপ৷ বিভিন্ন সময়ত অসংখ্য মানুহ সৰ্পদংশনৰ বলি হৈছে৷ বহুতৰ মৃত্যুও হৈছে৷ ইয়াৰ মূল কাৰণেই হৈছে সচেতনতাৰ অভাৱ আৰু বিভিন্ন ভ্ৰান্ত ধাৰণা৷ অসমৰ দৰে অৰণ্যঘন ঠাইত বিশেষকৈ গ্ৰামাঞ্চলৰ বাসিন্দাই সাপৰ সৈতে একপ্ৰকাৰ সহাৱস্থান কৰিবলগীয়া হয়৷ সেয়েহে ইয়াৰ বিষয়ে সচেতনতা থকাও অতি জৰুৰী৷ ডাঃ গিৰিৰ এই গ্ৰন্থই সাপ সম্পৰ্কীয় বিভিন্ন তথ্য আৰু সত্যৰ উদ্ভাসনেৰে এই গ্ৰন্থখনক গুৰুত্বপূৰ্ণ কৰি তুলিছে৷ বিভিন্ন ৰোগীৰ বাস্তৱ কাহিনীৰ মাজেদি গৈ তেওঁ দিছে ব্যৱহাৰিক জীৱনৰ গুৰুত্বপূৰ্ণ শিক্ষা৷

প্ৰকৃতি বা সৰ্প বিষয়ক গ্ৰন্থ বুলিয়েই নহয়, এই গ্ৰন্থখনক এখন অতি গুৰুত্বপূৰ্ণ জীৱন বিষয়ক গ্ৰন্থ আখ্যা দিয়াহে যুগুত৷ এই গ্ৰন্থই বহু জৰুৰীকালীন পৰিস্থিতিত মানুহৰ জীৱন ৰক্ষকৰো যে ভূমিকা পালন কৰিব সেয়া নিশ্চিত৷