Back Cover
Look Inside

Sagartalir Sankha, সাগৰতলিৰ শঙ্খ, ড° হীৰেন গোহাঁই

360.00

Reviews

There are no reviews yet.

Be the first to review “Sagartalir Sankha, সাগৰতলিৰ শঙ্খ, ড° হীৰেন গোহাঁই”

Your email address will not be published. Required fields are marked *

Editorial Review

অসমীয়া সাহিত্যৰ সৰ্বকালৰ শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকা প্ৰস্তুত কৰিলে ড০ হীৰেন গোহাঁই সম্পাদিত ‘সাগৰতলিৰ শঙ্খ’ই যে প্ৰথম বিচাৰতে স্থান লাভ কৰিব সেয়া নিশ্চিত। অসমীয়া তথা ভাৰতীয় কাব্য সাহিত্যৰ জগতৰো এগৰাকী অন্যতম শ্ৰেষ্ঠ প্ৰতিনিধি নীলমণি ফুকনৰ নিৰ্বাচিত কবিতাৰ এই সংকলনখনে কবিগৰাকীৰ প্ৰতিভা আৰু তেওঁৰ কাব্যসত্তাক এটা মূৰ্ত ৰূপ দিবলৈ সক্ষম হৈছিল৷ জ্ঞানপীঠ সন্মানপ্ৰাপক কবি ফুকনৰ কবিতাৰ বিপুলায়তন মহত্ত, কাল আৰু স্থানৰ পৰিসীমা পাৰ হৈ যোৱা ব্যাপ্তি তথা বিস্তৃতিকো প্ৰতিভাত কৰি তুলিছিল গ্ৰন্থখনে। এই গ্ৰন্থখনৰ পাতনিত ড০ গোহাঁইয়ে ফুকনৰ কবিতাৰ যি আলোচনা আগবঢ়াইছে সেই আলোচনাটিও কবি ফুকনৰ কবিতা তথা কবিতা বিষয়ক যিকোনো আলোচনাৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ বুলি বিবেচিত হৈ আহিছে। ফুকনৰ কবিতাৰ মৰ্মত প্ৰৱেশৰ বাটটো নিৰ্দেশিত কৰা সংকলনখনে তেওঁ কবিতাৰ আটাইতকৈ উজ্জ্বলতৰ দিশবোৰক পঢ়ুৱৈৰ আগত নিগূঢ় নিপুণতাৰে তুলি ধৰবিলৈ সক্ষম হৈছিল। সেইবাবেই গ্ৰন্থখনৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সদায় থাকি যাব বুলিয়েই ধাৰণা কৰিব পাৰি। অসমীয়া সাহিত্যৰ পৰিপূৰ্ণতাত নিজৰ নিজৰ ধৰণে অতুলনীয় সংযোজন আগবঢ়োৱা দুয়োগৰাকী অসামান্য প্ৰতিভাৰ এই সংযোগক মণিকাঞ্চন সংযোগ বুলিলেও হয়তো ভুল কৰা নহ’ব। গ্ৰন্থখনৰ এই নতুন সংস্কৰণে নতুনচাম পঢ়ুৱৈৰ বাবে প্ৰজ্ঞা, প্ৰতিভা, সংবদেনশীলতা, বোধ আৰু উপলব্ধিৰ এখন বিস্ময়কৰ জগত উদ্ভাসিত কৰি তুলিব।