You are previewing: Heiwa, হেইৱা, ড০ স্তুতি ৰঞ্জিত কোঁৱৰ

Heiwa, হেইৱা, ড০ স্তুতি ৰঞ্জিত কোঁৱৰ
Author |
Dr. Stuti Ranjeet Konwar |
---|---|
Publisher |
Purbayon Publication |


Related Products
-
-
Chinnamul, ছিন্নমূল, কলচুম বিবি₹350.00
-
-
-
Heiwa, হেইৱা, ড০ স্তুতি ৰঞ্জিত কোঁৱৰ
Editorial Review
'হেইৱা'ত সন্নিৱিষ্ট হৈছে গল্পৰ দৰে একো একোটা মন-পৰশা কাহিনী; য'ত বনকৰা মানুহৰ আচৰণ, চৰিত্ৰ অথবা জীৱনৰ সূক্ষ্ম পৰ্যবেক্ষণেৰে ড০ স্তুতি ৰঞ্জিত কোঁৱৰে উন্মোচন কৰিছে সেইসকল মানুহৰ এখন বৈচিত্ৰ্যময় অন্তৰ্জগত ।
মুম্বাইৰ ব্যস্ত আৰু শ্বাসৰুদ্ধকৰ জীৱনযাত্ৰাত নিজৰ সংসাৰ আৰু দৈনন্দিন কাম-কাজৰ ঘৰুৱা সহায়িকা হিচাপে লেখিকাই লগ পোৱা বিভিন্ন মহিলাৰ বিচিত্ৰ কাহিনী সৰসভাৱে বৰ্ণনা কৰা হৈছে গ্ৰন্থখনত। য'ত আছে সেইসকল মানুহৰ সহায়, ত্যাগ, নিষ্ঠা আৰু অৱদানৰ আন্তৰিক স্বীকৃতি। ক'ৰবাত আকৌ কোনোবা এগৰাকীৰে সৈতে হোৱা বিচ্ছেদৰ বেদনা; অথবা কঠিন মুহূৰ্তত সকাহ হৈ পৰা তেওঁলোকৰে কোনোবা এগৰাকীৰ এষাৰি মৰম আৰু আশ্বাসৰ মাত। তাৰ বিপৰীতে কোনোবা এগৰাকীয়ে আকৌ অজুহাত দেখুৱাই এৰি থৈ গৈছে, সমস্যাৰে ভাৰাক্ৰান্ত কৰি তুলিছে।
বন কৰা মানুহৰ কৰ্তব্য পালনৰ সমান্তৰালভাৱে এইসকল মহিলাই লেখকৰ বাবে এৰি থৈ যোৱা এনেবোৰ তিতা-মিঠা অভিজ্ঞতা আৰু কাহিনীৰেই সমষ্টি-- 'হেইৱা'।
গ্ৰন্থখনৰ প্ৰতিটো কাহিনী বা ঘটনা-পৰিঘটনাৰ মাজেৰে প্ৰকাশ পোৱা লেখিকাৰ মানৱীয় আৱেগ-অনুভূতি আৰু উপলব্ধিৰ গভীৰতাই পাঠকক যিদৰে মুগ্ধ কৰে; ঠিক একেদৰেই, গল্প অথবা উপন্যাসৰ চৰিত্ৰৰ দৰে ভুমুকি মৰা সেই বনকৰা মহিলাসকলৰ জীৱনৰ সুখ, দুঃখ আৰু সংগ্ৰামৰ কাহিনীয়েও সমব্যথী কৰি তোলে।
এফালে যমজ সন্তানৰ মাতৃ হিচাপে লেখিকাৰ মমত্ববোধ আৰু আনফালে নিজৰ অসুখৰ বাবে সন্তান পৰিচৰ্যাৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বান আৰু হতাশা; তাৰ লগতে বনকৰা মহিলাৰ বাবে সৃষ্টি হোৱা তিক্ততাই কঢ়িয়াই অনা অস্থিৰতা। এই সকলো প্ৰতিকূলতা নেওচি তেওঁ পৰিস্থিতিৰ সৈতে দৃঢ়তাৰে মোকাবিলা কৰিছে, বন কৰা মানুহ নৰখাৰ সিদ্ধান্তৰে অকলেই সমস্ত দায়িত্ব ল'ব পৰাকৈ নিজক শক্তিশালী কৰি তুলিছে।
জাপানী শব্দ 'হেইৱা'ৰ অৰ্থই হৈছে 'শান্তি'; নিজৰ ঘৰখনক অকলেই শান্তিৰ কুটীৰ কৰি তুলিবলৈ সকলো নিগেটিভিক পজিটিভিটিলৈ ৰূপান্তৰ কৰা ড০ কোঁৱৰৰ এইলানি কাহিনীধৰ্মী ৰচনাই সকলোকে উদ্বুদ্ধ আৰু অনুপ্ৰাণিত কৰিব।
Reviews
There are no reviews yet.