Editorial Review
বিগত দুই দশকৰ অসমীয়া কবিতাৰ কণ্ঠস্বৰ হিচাপে চিহ্নিত হোৱা দ্বিজেন কুমাৰ দাসৰ কবিতাই অসমীয়া নতুন কবিতাক অন্য এক সমৃদ্ধি প্ৰদান কৰিছে। কবিতাক দুৰ্নিবাৰ স্বপ্ন আৰু নতুন দিনৰ এছাটি পোহৰ হিচাপে চিহ্নিত কৰা কবিগৰাকীৰ দ্বিতীয় কাব্য সংকলন 'মেঘ-ঘোঁৰা'ই লাভ কৰিছিল ২০২০ চনৰ সাহিত্য অকাদেমি যুৱ বঁটা। তেওঁৰ কবিতাৰ সাৰ্থকতা এই স্বীকৃতিয়েও নিৰূপন কৰে। ভিৰৰ মাজতো নীৰৱতা আৰু গ্ৰাম্য সৰলতাত কবিতাৰ অনুশীলন কৰা আৰু কবিতাক শিল্পকৰ্মৰূপে গ্ৰহণ কৰা কবিগৰাকীৰ কবিতাই সকলো শ্ৰেণীৰ কবিতা ৰসিককে অনায়াসে আহ্লাদিত কৰিব পাৰে।
Reviews
There are no reviews yet.