Editorial Review
এগৰাকী প্ৰতিষ্ঠিত ৰিলেচনশ্বিপ এডভাইজাৰ হোৱাৰ সূত্ৰে লেখিকা শিখা শৰ্মাই বিভিন্ন সম্পৰ্কক অতি গভীৰলৈ চিনিবলৈ সক্ষম হৈছে৷ এনেবোৰ সম্পৰ্কৰ আঁৰত লুকাই থকা কেৰোণবোৰো তেওঁ চিনি থৈছে নিৰহ-নিপানীকৈ৷ আৰু তাৰ সূত্ৰ ধৰিয়েই মানুহক সুস্থ সম্পৰ্ক গঢ়াৰ পথ দেখুৱবলৈ সক্ষম হৈছে৷ এই গ্ৰন্থখনত কিছুমান জীয়া কাহিনী, কিছুমান অতি প্ৰাণস্পৰ্শী অভিজ্ঞতাক তেওঁ অতি সাৱলীল ৰূপত তুলি ধৰিছে৷ পতি-পত্নী, বা প্ৰেমাস্পদৰ মাজৰ সম্পৰ্কবোৰক বিঘ্নিত কৰি তোলা কাৰণ আৰু কাৰকবোৰ, মানুহৰ বিপথগামিতা, কক্ষচ্যুত মানুহৰ কাহিনী তেওঁ সেইবাবে তুলি ধৰিবলৈ সক্ষম হৈছে বাস্তৱৰ প্ৰতিৰূপ হিচাপে৷
মানৱীয় সম্পৰ্কৰ জটিলতা, বিশ্বাস-ভৰসাৰ ক্ষীণ ৰেখাডাল তেওঁ এই গ্ৰন্থৰ লেখাবোৰৰ জৰিয়তে উদঙাই দেখুৱাইছে৷ গ্ৰন্থখনৰ প্ৰতিটো লেখা একো একোটা মৰ্মস্পৰ্শী কাহিনীৰ মাজেৰে তুলি ধৰি তথা তাৰ আঁৰৰ অন্তৰ্নিহিত তাৎপৰ্যক ব্যাখ্যা কৰি লেখিকাই সকলোকে এটা পথ দেখুৱাবলৈ সক্ষম হৈছে৷ সম্পৰ্ক স্বৰূপাৰ্থতে তীব্ৰ আৱেগসঞ্চাৰী জীৱন বিষয়ক অৱশ্য পঠনীয় গ্ৰন্থ৷
Reviews
There are no reviews yet.