মোৰ-দেউতাৰ-সৈতে-দিনবোৰ-বিৰিঞ্চি-কুমাৰ-বৰুৱা-ৰাজ-বৰুৱা-mur-deutar-xoite-dinbur-birinchi-kumar-baruah-raj-baruah
মোৰ-দেউতাৰ-সৈতে-দিনবোৰ-বিৰিঞ্চি-কুমাৰ-বৰুৱা-ৰাজ-বৰুৱা-mur-deutar-xoite-dinbur-birinchi-kumar-baruah-raj-baruah
Back Cover
Look Inside

Mur Deutar Xoite Dinbur Birinchi Kumar Barua, মোৰ দেউতাৰ সৈতে দিনবোৰ বিৰিঞ্চি কুমাৰ বৰুৱা, ৰাজ বৰুৱা

এগৰাকী বৰেণ্য বিদ্বান পিতৃৰ বিষয়ে হৃদয়ৰ উত্তাপেৰে লিখা এখন গ্ৰন্থ

499.00

20 in stock

Weight 0.5 kg
Dimensions 21 × 15 × 4 cm
Author

Raj Baruah

Publisher

Purbayon Publication

Reviews

There are no reviews yet.

Be the first to review “Mur Deutar Xoite Dinbur Birinchi Kumar Barua, মোৰ দেউতাৰ সৈতে দিনবোৰ বিৰিঞ্চি কুমাৰ বৰুৱা, ৰাজ বৰুৱা”

Your email address will not be published. Required fields are marked *

Editorial Review

অসমীয়া সাহিত্য আৰু লোক-সংস্কৃতি অধ্যয়ন আৰু গৱেষণা ক্ষেত্ৰৰ এগৰাকী কিংবদন্তী আছিল বিৰিঞ্চি কুমাৰ বৰুৱা৷ অসমৰ লোকজীৱন, লোক সংস্কৃতি বিষয়ৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে তেওঁ এই দিশত মাইলৰ খুঁটি স্থাপন কৰি থৈ গৈছে৷ একেদৰে তেওঁৰ জীৱনৰ বাটৰ উপন্যাসক অসমীয়া উপন্যাসৰ বাবে মাইলৰ খুঁটি বুলি গণ্য কৰা হয়৷ একেদৰে সেউজী পাতৰ কাহিনীও এখন একক আৰু অনন্য উপন্যাস হিচাপে চিহ্নিত হৈ ৰৈছে৷ এনে এগৰাকী পণ্ডিত তথা অসাধাৰণ প্ৰতিভাধৰ ব্যক্তিৰ বিষয়ে যিমানে জনা যায় সিমানেই কম হয়৷ এনে প্ৰবাদ পুৰুষৰ প্ৰেৰণাদায়ক কৰ্মময় জীৱনক আৰু অধিক জনাৰ আগ্ৰহ ওপজে৷ বিৰিঞ্চি বৰুৱাক জনাৰ তেনে আগ্ৰহক যথেষ্ট পৰিমাণে নিৰসনৰ বাবে তেওঁৰ পুত্ৰ ৰাজ বৰুৱাই লিখা এই গ্ৰন্থখন এক উল্লেখযোগ্য সম্পদ হিচাপে বিবেচিত হোৱাৰ যোগ্য৷ বৰেণ্য লেখক নগেন শইকীয়াই গ্ৰন্থখনক হৃদয়ৰ উত্তাপেৰে লিখা এখন গ্ৰন্থ বুলি আখ্যা দিছে৷ ৰাজ বৰুৱাই তেওঁৰ শৈশৱৰে পৰা পিতৃৰ সৈতে একাত্মতাৰ কথাবোৰ অতি সাৱলীল আৰু অকপট ৰূপত গ্ৰন্থখনত তুলি ধৰিছে৷ তেওঁৰ সৰল আৰু সুন্দৰ বৰ্ণনাৰ জৰিয়তে, তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ অকপট প্ৰকাশৰ জৰিয়তে বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱন আৰু তেওঁৰ ব্যক্তিত্বৰ বহু অজানা দিশ গ্ৰন্থখনৰ পাতত উদ্ভাসিত হৈছে৷ বিৰিঞ্চি কুমাৰ বৰুৱাৰ দৰে বিশাল ব্যক্তিত্বৰ অধিকাৰী এগৰাকী ব্যক্তিৰ জীৱনৰ নানা নতুন দিশৰ সৈতে পৰিচিত হ’বলৈ হ’লে এই গ্ৰন্থখনৰ পঠন অনিবাৰ্য৷