Panthasala, পান্থশালা, চন্দনা পাঠক

গভীৰ জীৱনবোধ আৰু জীৱনমুখিতাৰ গভীৰতম বিন্দুত কৰা আৱাহন

280.00

20 in stock

SKU: PB-162 Categories: ,
Weight 0.3 kg
Dimensions 21 × 14 × 3 cm
Author

Chandana Pathak

Publisher

Purbayon Publication

Reviews

There are no reviews yet.

Be the first to review “Panthasala, পান্থশালা, চন্দনা পাঠক”

Your email address will not be published. Required fields are marked *

Editorial Review

জনপ্ৰিয় গল্পকাৰ, গীতিকাৰ, কবি চন্দনা পাঠকৰ ‘পান্থশালা’ পঢ়ুৱৈৰ বাবে এক মনোমুগ্ধকৰ ছাৰপ্ৰাইজৰ দৰে৷ লেখাৰ জৰিয়তে জীৱনৰ সৰলতম ৰূপ আৰু সৌন্দৰ্যৰ সন্ধান কৰি অহা এইগৰাকী লেখিকাই এই উপন্যাসতো জীৱনক নতুন আলোকেৰে উদ্ভাসিত কৰি তোলাৰ চেষ্টা কৰিছে৷ স্বৰূপাৰ্থতে ‘পান্থশালা’ গভীৰ জীৱনবোধ আৰু জীৱনমুখিতাৰে জীৱনৰ গভীৰতম বিন্দুত কৰা অৱগাহন৷ ‘পান্থশালা’ প্ৰকৃততে প্ৰেমৰ সুতীব্ৰ অনুভূতিৰ অসাধাৰণ বহিঃপ্ৰকাশ৷ উপন্যাসখনত আছে মন-মগজু জোকাৰি যোৱা অলেখ প্ৰশ্ন, যিবোৰ নিজৰ অজ্ঞাতেই আমি প্ৰত্যেকেই নিজৰ মাজত কঢ়িয়াই ফুৰিছোঁ৷ ঔপন্যাসিকে মাথোঁ কাহিনী আৰু চৰিত্ৰৰ মাজেৰে আমাক নিজৰ সৈতে মুখামুখি কৰোঁৱাইছে৷ সেইবাবেই উপন্যাসখনক প্ৰতিজন পঢ়ুৱৈৰে আত্মকথন অথবা আত্ম-অন্বেষণ আখ্যা দিব পাৰি৷ এই সাৰ্বজনীনতা আৰু সামূহিক আৱেগ-উপলব্ধিৰ মূৰ্ত প্ৰতিৰূপ হিচাপে উপন্যাসখনক গঢ় দিবলৈ সক্ষম হোৱাটোতে ঔপন্যাসিক চন্দনা পাঠকৰ সাৰ্থকতা। উপন্যাসখনৰ  সাফল্য, জনপ্ৰিয়তাৰ গুপুত মন্ত্ৰও তাতেই নিহিত হৈ আছে৷ এই উপন্যাসৰ পাঠে প্ৰতিগৰাকী পঢ়ুৱৈকে নিজৰ সৈতে মুখামুখি হোৱাৰ এক অন্তৰতম অনুভূতি প্ৰদান কৰিব।