Editorial Review
সাম্প্ৰতিক সময়ৰ অসমীয়া গল্প সাহিত্যৰ জগতৰ এগৰাকী বিশিষ্ট প্ৰতিনিধি প্ৰশান্ত কুমাৰ দাস। 'এটা শদিয়াৰ গল্প, আনটো পৃথিৱীৰ' সংকলনেৰে আত্মপ্ৰকাশৰ পাছতে অসমীয়া গল্প সাহিত্যলৈ চমতকাৰিত্ব আৰু নতুন শিহৰণ কঢ়িয়াই আনিছিল গল্পকাৰগৰাকীয়ে। 'দ্য ডাউনটাউন'কে ধৰি তেওঁৰ পৰৱৰ্তী গল্প সংকলনৰ গল্পবোৰে অসমীয়া সাহিত্যত প্ৰশান্ত কুমাৰ দাসৰ বিশিষ্টতা প্ৰতিপন্ন কৰিলে। প্ৰশান্ত কুমাৰ দাস সম্পৰ্কত বিশিষ্ট সাহিত্য সমালোচক মনোজ শৰ্মাই লিখিছে, পোষ্টমডাৰ্ন সংবেদনশীলতা আৰু নেৰেটিভ শৈলীৰ শ্ৰেষ্ঠ লেখক প্ৰশান্ত কুমাৰ দাস।' এইগৰাকী গল্পকাৰেই তেওঁৰ ২২ টা বাছকবনীয়া গল্প সংকলিত কৰিছে 'স্বনিৰ্বাচিত গল্প' নামৰ গল্প সংকলনখনত। সংকলনখনত সন্নিৱিষ্ট 'মজো কাকাৰ কাহিনী', 'মৃত্যুমুখ', 'ৰাধা আৰু হৰিণী', 'দ্য ডাউনটাউন', 'শূন্যতাৰ দৰে', 'কাহিনী এটাৰ কাহিনী', 'কাহিনীৰ দৰে', 'এপ্ৰিল, ৯৯', আদি গল্প অসমীয়া গল্প সাহিত্যৰ বাবে বিশিষ্ট সম্পদ হিচাপে বিবেচিত হোৱাটো নিশ্চিত। 'স্বনিৰ্বাচিত গল্প'ৰ পাঠে পঢ়ুৱৈক প্ৰশান্ত কুমাৰ দাসৰ মৌলিকতা আৰু বিস্ময়কৰ বিশিষ্টতাৰ সৈতে সুন্দৰকৈ পৰিচয় কৰাই দিব।
Reviews
There are no reviews yet.