Editorial Review
'আবুতুনতুৰুং' -- নৈপৰীয়া মিচিং জন-জীৱনৰ এক অবৰ্ণনীয় শোকগাথা। বানৰ বিভীষিকা অথবা ভাগ্যৰ নিদাৰুণ পৰিহাসত বিপৰ্যস্ত হৈও সপোনৰ সমাধিতে আকৌ জীৱনৰ সপোন দেখা এজাক মানুহৰ জীয়া কাহিনী গায়ত্ৰী দলেৰ এই উপন্যাস।
কম পৰিসৰৰ এখনি আটিল উপন্যাস-- 'আবুতুনতুৰুং; অথচ মিচিং লোক-জীৱনৰ সমগ্ৰতাক ঔপন্যাসিকে বৰ আটোমটোকাৰিকৈ সামৰি ৰাখিব পাৰিছে। সুদীৰ্ঘ এটি কবিতাৰ দৰেই উপন্যাসখনৰ কাহিনী আৰু চৰিত্ৰৰ গতিও ছন্দোৱদ্ধ।
জীৱন-যন্ত্ৰণাত থৰ-কাছুটি হেৰুৱায়ো মানুহবোৰে জীৱনক নকৈ সজাব খুজিছে। বেমাৰ-আজাৰ, দুৰ্দশা- দুৰ্ভাগ্যৰে পিষ্ট হৈও প্ৰেমৰ বাবে আকুল হৈছে, প্ৰিয়তমাক নিজৰ কৰি লৈছে। অজস্ৰ সমস্যাৰে সৰ্বস্বান্ত হৈও মানুহবোৰ আকৌ পথাৰলৈ গৈছে, আপং খাইছে, ঐনিতম গাইছে।
সেই সৰল মানুহবোৰেই এদিন নিজক পাহৰি ভোগ-বিলাসিতাত মত্ত হৈছে, বিপথে পৰিচালিত হৈছে। সাধুকথাৰ 'আবুতুনতুৰুং' নামৰ ৰাক্ষসটোৱে ক্ৰমাৎ গিলিব ধৰিছে মানুহবোৰৰ নিভাঁজ সৰলতাক --
"আজিকালি গাঁৱৰ কোনো ল'ৰাই নকয় নদীখনৰ কথা। প্ৰেমৰ কথা। নকয় অৰণ্যৰ কথা।... ডিঙিত গামোচা এৰি মূৰত মাৰিবলৈ লৈছে ৰঙা-নীলা বঙালৰ ৰুমাল। চকুত ক'লা চছমা। ক'লা গ্লাছৰ ভিতৰৰ পৰা চাবলৈ শিকিছে গাঁওখন। " (পৃ. ৯৯)
গাঁওখনলৈ অহা এনে অদ্ভুত পৰিৱৰ্তনৰ আঁৰত 'আবুতুনতুৰুং' নামৰ ৰাক্ষসটোৰ যি প্ৰতীকী উপস্থিতি; ঔপন্যাসিকে তাক কাহিনী আৰু চৰিত্ৰৰ সৈতে মসৃণভাৱে সাঙুৰি ল'ব পাৰিছে; যাৰ বাবে উপন্যাসখন যথাৰ্থতে পাঠকৰ বাবে সুখপাঠ্য হৈ উঠিছে।
Reviews
There are no reviews yet.