Reviews

There are no reviews yet.

Be the first to review “Chinnamul, ছিন্নমূল, কলচুম বিবি”

Your email address will not be published. Required fields are marked *

Editorial Review

"অস্তিত্ব এটা মাথোঁ শব্দ নহয়, যি কাগজত লিখিলেই স্থায়ী হৈ যাব আৰু মচি দিলেই নাইকিয়া হৈ যাব। অস্তিত্বৰ সৈতে সাঙোৰ খাই আছে জীৱন। সমাজ। ৰাষ্ট্ৰ। জাতি। ৰাজনীতি। অস্তিত্ব ৰক্ষাৰ বাবে সকলোৱে যুঁজ দিব পাৰে।... খুন কৰিব পাৰে মানুহেই মানুহক। এয়া সহজ। টান কাম হৈছে অস্তিত্ব ৰক্ষা কৰাটোহে। "(পৃষ্ঠা ২২৬)

কলচুম বিবিৰ ‌'ছিন্নমূল'---অসমৰ সংখ্যালঘু মুছলমানসকলৰ আত্মপৰিচিতিৰ সংকট আৰু জীৱন সংগ্ৰামৰ কাহিনী; তেওঁলোকৰ সপোন, সংশয় আৰু সংকটৰ কাহিনী।

"নব্বৈ দশকত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ পটভূমিত উপন্যাসখন আৰম্ভ হৈছে। সমাপ্ত হৈছে পৰিৱৰ্তনশীল, প্ৰগতিশীল আন এছোৱা সময়ত।" অসম আন্দোলনৰ সময়ৰ পৰা আজি পৰ্যন্ত এই সম্প্ৰদায়টোৱে ভুগি অহা অবৰ্ণনীয় দুঃখ-কষ্ট আৰু যন্ত্ৰণাৰ ছবি মৰ্মন্তুদ ৰূপত তুলি ধৰা হৈছে উপন্যাসখনত।

ঔপন্যাসিকে "তথাকথিত মুলসুঁতিৰ অসমীয়াৰে সৈতে সংখ্যালঘু সম্প্ৰদায়ৰ সংঘাতক নিজা দৃষ্টিকোণেৰে পৰ্যবেক্ষণ কৰিছে আৰু আধিপত্যকামী শক্তিৰ নৃশংসতা, ভণ্ডামি আদিক উদঙাই দিছে।" লগতে অত্যন্ত স্পৰ্শকাতৰভাৱে বহিঃপ্ৰকাশ ঘটোৱা হৈছে ছাইফুলৰ দৰে অনেকেই বুকুত কঢ়িয়াই লৈ ফুৰা অলেখ পুঞ্জীভূত যাতনাৰ কথা--

"কয়নো কেনেকৈ? বাংলাদেশৰ পৰা কাঁটা তাঁৰ সৰকি অহা তাৰ সম্বন্ধীয় পেহীয়েকটোৰ কথা ক'বলৈ নোৱাৰি। নোৱাৰি সিহঁতৰ গাঁৱৰ আব্দুল মিঞাৰ দূৰ সম্পৰ্কীয় বাংলাদেশৰ পৰা ফুৰিবলৈ অহা ভায়েকটোৰ কথা। ক'লেই যদি লেঠা লাগে। হুলস্থূল লাগে। তাতকৈ নোকোৱাকৈয়ে থকাই ভাল। "

এনে বহু অব্যক্ত-অকথিত জীয়া যন্ত্ৰণাৰ কাহিনীৰে লিখি উলিওৱা 'ছিন্নমূল' উপন্যাসখন কেৱল নিষ্পেষিতজনৰ প্ৰতি প্ৰদৰ্শিত সহানুভূতি নহয় ; বৰঞ্চ সকলো ধৰণৰ সামাজিক বৈষম্যৰ ঊৰ্ধত মানৱতাৰেই জয় নিশ্চিত বুলি ঔপন্যাসিকে পুহি ৰখা বিশ্বাস আৰু প্ৰবল আশাবাদ।

দৰং জিলাৰ পটভূমিত ৰচিত 'ছিন্নমূল'ত দৰঙীয়া লোকাচাৰ, দৰঙীয়া লোকভাষা, সংখ্যালঘুসকলৰ কথিত ভাষা আদিৰ প্ৰয়োগ আকৰ্ষণীয় আৰু যথোপযুক্ত; যিয়ে উপন্যাসখনৰ কাহিনী, পটভূমি আৰু চৰিত্ৰক জীৱন্ত আৰু বাস্তৱসন্মত ৰূপত তুলি ধৰাত সহায় কৰিছে।