You are previewing: Akash Bihin, আকাশ বিহীন

Akash Bihin, আকাশ বিহীন
Author |
Dhrubajyoti Baruah |
---|---|
Publisher |
Purbayon Publication |


Related Products
Akash Bihin, আকাশ বিহীন
সংবাদ জগতৰ কঠিন বাস্তৱ, অসমক উত্তাল কৰা আন্দোলন-আলোড়নৰ ইতিহাসক তুলি ধৰাৰ সাহসী প্ৰচেষ্টা
₹400.00
Editorial Review
এখন সাহসী, শক্তিশালী উপন্যাস। দীৰ্ঘদিনীয়া সাংবাদিকতাৰ অভিজ্ঞতাৰে পুষ্ট ধ্ৰুৱজ্যোতি বৰুৱাই নিৰ্মোহভাৱে সংবাদ জগতৰ নগ্ন বাস্তৱক তুলাচনীত তোলাৰ সফল প্ৰয়াস ‘আকাশ বিহীন’। এই উপন্যাসত সেৱাৰ পৰা অসাধু ব্যৱসায়লৈ সলনি হোৱা সাংবাদিকতাৰ নিদাৰুণ পৰিক্ৰমাটোক নিজৰ অভিজ্ঞতাৰ মাজেৰে নিৰ্মোহভাৱে তুলি ধৰিছে ঔপন্যাসিক বৰুৱাই। কিদৰে অতি সন্মানীয় আৰু সম্ভ্ৰমপূৰ্ণ স্থান এটাৰ পৰা স্খলিত হৈছে অসমৰ সংবাদ মাধ্যম, সা্ংবাদিকৰ স্থান-- সেই কথা ইমান নিৰ্মোহভাৱে, ইমান সাহসিকতাৰে হয়তো কোনো ঔপন্যাসিকে আজিলৈকে কোৱা নাই।
কেৱল এয়াই নহয়, অসমৰ ইতিহাসৰ আন ভালেমান উত্থান-পতনৰ কাহিনীও বৰ্ণিত হৈছে এই উপন্যাসত। আশীৰ দশকক আলোড়িত-আন্দোলিত কৰা অসম আন্দোলনৰ পৰা ‘কা’বিৰোধী আন্দোলনলৈকে সামৰি লোৱা এই উপন্যাসক সময়ৰ ধাৰাভাষ্য বুলিও আখ্যা দিব পাৰি নিসন্দেহে। সময়ৰ এই উত্থান-পতন, অৱক্ষয়-উত্তৰণক অতি সুন্দৰভাৱে গাঠি ৰাখিছে এটা নিটোল প্ৰেম কাহিনীয়ে।
সকলো শ্ৰেণীৰ, সকলো ৰুচিৰ পঢ়ুৱৈৰ বাবেই এই উপন্যাসৰ পাঠ এক বিৰল অভিজ্ঞতা হিচাপে চিহ্নিত হোৱাটো নিশ্চিত।
Reviews
There are no reviews yet.