Editorial Review
অসমীয়া সাহিত্যৰ জগতখনত এগৰাকী প্ৰভাৱশালী ঔপন্যাসিক হিচাপে সুপ্ৰতিষ্ঠিত ড০ মৃণাল কুমাৰ গগৈৰ উপন্যাস মানেই বিগত চাৰিটা দশকৰ অসমৰ সামাজিক ইতিহাসৰ এছোৱাৰ সঠিক বিশ্লেষণ। ‘বহুগামী’ উপন্যাসো তাৰ ব্যতিক্ৰম নহয়। এই উপন্যাসৰ চৰিত্ৰবোৰে কঢ়িয়াইছে অসমৰ ইতিহাস, বিদ্ৰোহ, সমাজ-জীৱনৰ সমস্যাৱলী আৰু দুখ যন্ত্ৰণাৰ ভাষা। উপন্যাসখন সম্পৰ্কত বিশিষ্ট লেখিকা, সমালোচক ড০ বিনীতা বৰা দেৱচৌধুৰীয়ে লিখিছে, বহুগামী অকল শৰীৰ বিক্ৰী কৰাসকলে নহয়। নীতি, আদৰ্শ বিক্ৰী কৰাসকলো বহুগামী। নিজ স্বাৰ্থত দেশক, জাতিক প্ৰতাৰণা কৰা সকলো বহুগামীৰ মুখা খুলি অসমৰ ইতিহাসৰ এছোৱা সময় চিত্ৰিত কৰিছে ‘বহুগামী’ত। আশীৰ দশকৰ অসম আন্দোলনৰ পৰা কা-আন্দোলনৰ সময়লৈকে অসমৰ ইতিহাস সামৰা উপন্যাসখনত মুখা পিন্ধা মানুহৰ স্বৰূপ ঔপন্যাসিকে সুন্দৰকৈ অনাৱৰণ কৰিছে। উপন্যাসখন উপন্যাসখৰ নব্য ইতিহাসবাদী ধাৰাৰ এক উল্লেখযোগ্য সংযোজন।
ইতিমধ্যেই পঢ়ুৱৈৰ পৰা ব্যাপক সমাদৰ লাভ কৰিছে ড০ গগৈৰ বহুগামীয়ে। সমাজবোধ, নীতি-নৈতিকতাৰ বোধক নতুনকৈ উজ্জীৱিত কৰিবলৈ সক্ষম হোৱা এই উপন্যাসখনৰ মানৱীয় আৱেদনে নিসন্দেহেই আৰু ব্যাপকসংখ্যক পঢ়ুৱৈৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হ’ব।
Reviews
There are no reviews yet.