Weight | 0.5 kg |
---|---|
Dimensions | 21 × 14 × 3 cm |
Author |
Chayanika Borah |
Publisher |
Purbayon Publication |
Editorial Review
অসমৰ সমাজ-জীৱনৰ উজ্জ্বলতম আলোকস্তম্ভ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন, কৰ্মৰাজি আৰু চেতনাৰ বিস্তৃত আৰু গৱেষণামূলক বিচাৰেৰে প্ৰণয়ন কৰা এখন গ্ৰন্থ ‘বিষ্ণুপ্ৰসাদ ৰাভা : কাকায়ছিনি আৰু ফেছেংছিনি’৷ চয়নিকা বৰাই সম্পাদনা কৰা এই গ্ৰন্থখন বিভিন্ন দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ৷ অতি সুচিন্তিত পৰিকল্পনাৰে গ্ৰন্থখনত ৰাভাৰ জীৱনৰ শত আভাক অনুধাৱনৰ সফল চেষ্টা চলোৱা হৈছে৷ একো একোগৰাকী বিশেষজ্ঞ তথা গৱেষকৰ হতুৱাই লিখোঁৱা হৈছে সংকলনখনৰ বিভিন্ন লেখাসমূহ৷ যাৰ ফলত ইয়াৰ বিস্তৃতি আৰু গভীৰতা হৈ পৰিছে ব্যাপক৷ ৰাভাৰ জীৱন আৰু কৰ্মৰাজিক পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ স্বাৰ্থত ইয়াত ৰাভাৰ বিস্তীৰ্ণ কৰ্মজীৱনৰ সকলো দিশ সামৰি লোৱা হৈছে৷ তাৰ ফলত বিষ্ণুপ্ৰসাদ ৰাভা নামৰ মহা-মহীৰূহৰ সকলো শাখা-প্ৰাশাখা সম্পৰ্কত ধাৰণা দিয়াত গ্ৰন্থখন সফল হৈছে৷ অসমীয়া, সাহিত্য, সমাজ, সংস্কৃতি সকলো দিশকে সমানে সমৃদ্ধ কৰা ৰাভাৰ দৰে পুৰোধাক পৰিপূৰ্ণ ৰূপত জানিবলৈ এই গ্ৰন্থখন অধ্যয়ন কৰাটো অতি জৰুৰী৷ প্ৰতিগৰাকী শিক্ষাৰ্থী, গৱেষক তথা সাহিত্যৰসিকেই পঢ়িলগীয়া ‘বিষ্ণুপ্ৰসাদ ৰাভা : কাকায়ছিনি আৰু ফেছেংছিনি’ এখন অতুলনীয় গ্ৰন্থ৷
Reviews
There are no reviews yet.