Editorial Review
"বয়স আৰু তৎসম্পৰ্কিত স্মৃতিবিভ্ৰমে মানুহক যে কি কৰি পেলায়। তাৰ দুখ লাগিল। মাকলৈ তাৰ মৰমো লাগিল। এখন দুৰন্ত গতিশীল উদ্দাম নদী কেনেকৈ যে এৰাসুঁতিত পৰিণত হয়। সময়ো যে কি নিৰ্মম।"(পৃষ্ঠা ৬০)
সময় অথবা বয়সৰ এই নিৰ্মমতাক মানি ল'বলৈ কঠিন; অথচ ই অৱধাৰিত। এই সত্যক স্বীকাৰ কৰিও মানুহে বৰ সচেতনভাৱেই উপেক্ষা কৰে বৃদ্ধত্ব আৰু জড়াগ্ৰস্ততাক। খুব সাধাৰণভাৱেই জীৱনৰ পৰা নিলগাই ৰাখে মৃত্যু-চেতনাক। তাৰ পাছতো বৰ অসহায় আৰু নিঃকৰুণভাৱে নত হয় এদিন মৃত্যুৰ সন্মুখত।
জীৱনৰ সৈতে অবিচ্ছেদ্যভাৱে সংযুক্ত হৈ থকা এই মৃত্যুৰ কথাই শৈল্পিক ৰূপত কোৱা হৈছে সৌৰভ বুঢ়াগহাঁইৰ 'বিয়লিৰ বন্দৰত' নামৰ এই উপন্যাসত; য'ত অন্তৰস্পৰ্শীভাৱে বৰ্ণোৱা হৈছে জীৱনৰ বিয়লি বেলাই মুখামুখি কৰোৱা শাৰীৰিক অসুস্থতা আৰু মানসিক বিসংগতিৰ কথা। খুব সংবেদনশীলভাৱে জগাই তোলা হৈছে মানুহৰ মৃত্যু-চেতনাক।
জীৱনৰ চলমান গতিময়তাত স্বাভাৱিকতে উপেক্ষিত হৈ ৰোৱা মৃত্যু নামৰ চূড়ান্ত সত্যটিক জীৱনৰ সৈতে ওতপ্ৰোতভাৱে সম্পৃক্ত কৰি ঔপন্যাসিকে ব্যতিক্ৰমী দৃষ্টিভংগীৰে মৃত্যুক বিশ্লেষণ কৰি চাইছে। জীৱন আৰু মৃত্যুক এজন চিকিৎসকৰ দৃষ্টিৰে, মানৱীয় আৱেগ-অনুভূতিৰে পৰিপূৰ্ণ এখন হৃদয়েৰে নিচেই কাষৰ পৰা নিৰীক্ষণ কৰিছে।
মৃত্যুক কেন্দ্ৰীভূত কৰি জীৱনৰ মূল্যায়ন; নতুবা জীৱনৰ আধাৰত মৃত্যুৰ মূল্য নিৰূপণ---এনেবোৰ দিশৰ পৰা উপন্যাসখন হৈ পৰিছে মৃত্যু-চেতনাৰ কলাত্মক সাৰ্থক চিত্ৰণ।
Reviews
There are no reviews yet.