Editorial Review
'ডেউকা' - জীৱনৰ ভৰত ক্লান্ত হৈও পাখি কটালি নতুনকৈ উৰিব খোজা মানুহৰ কাহিনী। জীৱন আৰু পৃথিৱীক আনতকৈ পৃথককৈ চাব খোজা, সোঁতৰ বিপৰীতে সাঁতুৰিব বিচৰা মানুহৰ আকাশমুখী কাহিনী।
সমাজ আৰু পৰিপাৰ্শ্বৰ উন্মুক্ত উন্মোচন গায়ত্ৰী প্ৰান্তিক শৰ্মাৰ গল্প সংকলন 'ডেউকা'; য'ত ঘোষিত হৈছে 'নাপায়' অথবা 'মানুহে কি ভাবিব'ৰ ঊৰ্ধত অৱস্থান কৰি নিয়মৰ প্ৰতি বিদ্ৰোহী হৈ উঠা মানুহৰ মৌন অথবা সৰৱ প্ৰতিবাদ। এফালে বলিৰ তেজ দেখি দেৱীলৈ খং উঠা কণমানি সৰুফুল; আনফালে শাক্ত ব্ৰাহ্মণৰ ৰক্ষণশীলতাক নেওচা দি মাতৃত্বৰ মমত্বৰে উজলি উঠা চন্দ্ৰমল্লিকা---
" কেনেকৈ! কেনেকৈ কেৱল বামুণ নোহোৱাৰ বাবেই মই তাক গতিয়াই উলিয়াই দিব পাৰোঁ মোৰ ছোৱালীৰ জীৱনৰ পৰা! কেৱল বামুণ নোহোৱাৰ বাবেই মোৰ মাজত মাক এজনী বিচাৰি পোৱা ল'ৰাটোক উলিয়াই পঠিয়াব পাৰোঁনে? "(পৃষ্ঠা ২১)
সেই একেই মমতাৰ স্বৰ্গীয় পোহৰৰে উদ্ভাসিত নিৰ্মলা; জীৱনৰ অন্য প্ৰয়োজনক নসাৎ কৰি আমৃত্যু যি কেৱল সোণকণৰ মাক হৈয়ে জীয়াই থাকিব বিচাৰিছে। মাতৃত্বৰ সেই একেই অমলীন স্নেহ আৰু ত্যাগেৰে পৰিপূৰ্ণ সুব্ৰতা বৰুৱা; সন্তান চিৰদিন বুকুতে থাকিব বুলি ভবা ভ্ৰম আৰু স্বপ্নৰ পৰা যি অকস্মাৎ সাৰ পাই উঠিছে। অনুসূয়াৰো এদিন ভুল ভাগিছে; মাতৃৰ সপোন আৰু উচ্চাকাংক্ষাৰ ভৰ সহিব নোৱাৰি যিদিনা তেওঁৰ সন্তান আত্মঘাতী হৈছে।
লক্ষ্যণীয়ভাৱে, কেইবাটিও গল্পত মাতৃ আৰু সন্তানৰ সম্বন্ধৰ মাজেৰে মাতৃত্ব আৰু নাৰীত্বৰ ভিন্ন চেতনাক স্পৰ্শকাতৰতাৰে জগাই তোলা হৈছে। ঠিক তেনে আকুলতাৰেই কোৱা হৈছে পত্নী আৰু প্ৰেমৰ বাবেই সৰু ল'ৰাৰ নিচিনাকৈ কান্দি উঠা প্ৰবালৰ দৰে পুৰুষৰ কাহিনীও। মানুহৰ অন্তঃ আৰু বহিঃজগতখনৰ বৈচিত্ৰ্য আৰু বৈপৰীত্যক গল্পসমূহে এনেদৰেই বহন কৰিছে।
সততে দৃষ্টিগোচৰ নোহোৱা, সহজতে অনুভূত নোহোৱা বিন্দুপ্ৰমাণ কথা কিছুমানকো হৃদয়-সংবেদী ৰূপত তুলি ধৰা হৈছে। ৰঙা কাপোৰ এসাজ পিন্ধিবলৈ হেঁপাহ কৰি থকা কাঞ্চনৰ হাতত নিৰ্মালিয়ে শুধ বগা কাপোৰ এযোৰ তুলি দিয়াৰ পাছত আইনাখনত নিজকে চাই তেওঁ ভাবিছে--
"... ভালেই হৈছে নিৰ্মালিয়ে বগা কাপোৰ এযোৰ দিছে। ৰঙীন কাপোৰে চাগে এইটো চেহেৰাত নুশুৱালেহেঁতেনো!"(পৃষ্ঠা ২৯)
আপাতঃভাৱে এইবোৰ তেনেই সাধাৰণ অথবা সৰু কথা; যি সততে চকুত নপৰে। অথচ বুকু বিন্ধি যোৱাকৈ কাঞ্চনে নিজকে দিয়া প্ৰবোধ অথবা সান্ত্বনাৰ আঁৰত যি অজস্ৰ যাতনা; তাক গল্পকাৰে অন্তঃকৰণেৰে অনুভৱ কৰিব পাৰিছে। কেৱল সেয়ে নহয়; সুনন্দৰ স্বাৰ্থপৰতাক প্ৰেম বুলি ভুল কৰা,অকণমান ভালপোৱাৰ বাবেই দুৰ্বল হৈ পৰা নিৰ্মলাৰ সৰলতাৰ অন্তৰালৰ দৃঢ়তাকো গল্পকাৰে সবলভাৱে অনুধাৱন কৰিছে। আত্মসন্মান আৰু আত্মমযাৰ্দাৰ বাবেই আজলী মানুহজনী প্ৰচণ্ডভাৱে কঠোৰ হৈ উঠিছে; অকলে জীয়াই থাকিব পৰাকৈ শক্তিশালী হৈ উঠিছে। সুনন্দক তেওঁ কৈছে--
"বিয়ালৈ বুলি গোটোৱা বস্তুবোৰ পেলনি যাব বুলি মোক এতিয়া বিয়া পাতিবলৈ ওলাইছা সুনন্দ? তুমি কেনেকৈ ভাবিব পাৰিলা যে অকলশৰীয়া হ'লোঁ বুলিয়েই মোৰ নিজস্ব একো নাথাকিব?"(পৃষ্ঠা ৬৬)
'ডেউকা'ৰ গল্পবোৰত নিজকে পাহৰি থকা মানুহবোৰে এনেকৈয়ে নিজক বিচাৰি পাইছে, নিজৰ বাবে নতুনকৈ জী উঠিছে। কাহিনীবোৰত এই মানুহবোৰৰ অনৰ্গল যি আত্ম-আলাপ; তাৰ মাজতে পাঠকে নিজকো বিচাৰি পাইছে।
Reviews
There are no reviews yet.