Weight | 0.4 kg |
---|---|
Dimensions | 21 × 14 × 3 cm |
Author |
Tapan Kumar Sarma |
Publisher |
Purbayon Publication |
Editorial Review
ভ্ৰমণবিলাসী লেখক, অধ্যাপক তপন কুমাৰ শৰ্মাৰ ‘মানৰ দেশত : ঐতিহাসিকভাৱে বিতাৰিত অসমীয়াৰ সন্ধানত’ গ্ৰন্থখন বিস্মৃত ইতিহাস অনুসন্ধানৰ এটা ব্যতিক্ৰমী আৰু সফল প্ৰচেষ্টা৷ অসমৰ ইতিহাসৰ এটা ক’লা অধ্যায় ‘মানৰ আক্ৰমণ’ৰ বলি হৈ ছিন্নমূল হৈ পৰা একাংশ অসমীয়াক বিচাৰি যোৱাৰ বাবে লেখকে অনুভৱ কৰা তাড়না আৰু তাক কাৰ্যকৰী কৰি তুলিবলৈ কৰা প্ৰণালীবদ্ধ আৰু পৰিশীলিত প্ৰচেষ্টাই এক বিশিষ্টতাৰ পৰিচয় দিয়ে৷ শিপাছিন্ন অসমীয়া লোকসকলক মানৰ দেশ বা আজিৰ ম্যানমাৰলৈ বিচাৰি গৈ তেওঁলোকৰ শেহতীয়া অৱস্থা, সামাজিক, মানসিক স্থিতিৰ বুজ ল’বলৈ লেখকে দুই বন্ধুৰ সৈতে যাত্ৰাকালত চেষ্টা কৰিছে৷ আৰু তাৰ নিপুণ ধাৰাভাষ্য ‘মানৰ দেশত’ গ্ৰন্থত তেওঁ দাঙি ধৰিছে৷ ইতিহাস প্ৰণেতা লক্ষ্মীনাথ ফুকনে গ্ৰন্থখন সম্পৰ্কত কৈছে যে, ‘তিনি বন্ধুৰ সেই অভিযানকাৰী অনুসন্ধানে অসমৰ ইতিহাস, নৃ-তত্ত্ব, সমাজতত্ত্বৰ ছিৰিয়াছ অধ্যয়ন আৰু প্ৰণালীৱদ্ধ গৱেষণাৰ প্ৰচুৰ সম্ভাৱনাৰ দুৱাৰ-মুখত পাঠকক হাজিৰ কৰাই দিব৷’ ইতিহাসৰ ছিগা সূতা জোৰবলৈ লেখকে কৰা এই গ্ৰন্থখনৰ জৰিয়তে কৰা প্ৰচেষ্টা অতি ব্যতিক্ৰমী আৰু নিসন্দেহে সফল৷ সুলেখকগৰাকীৰ সাৱলীল বৰ্ণনা আৰু সমগ্ৰ যাত্ৰাটোৰ তথ্যপূৰ্ণ বৰ্ণনাই গ্ৰন্থখনৰ বিষয়বস্তুৰ মৰ্মত প্ৰৱেশ কৰাটো পঢ়ুৱৈৰ বাবে সহজসাধ্য কৰি তুলিছে৷
ভ্ৰমণকাহিনীৰ মাদকতা আৰু গভীৰ ইতিহাস চেতনা দুয়োটাই গ্ৰন্থখনৰ পাতত পঢ়ুৱৈয়ে বিচাৰি পাব৷
Reviews
There are no reviews yet.