Back Cover
Look Inside

Muru Eta Sapon Ase

(1 customer review)

A Memoir Written by Dr. Rubul Mout on His Extraordinary Journey from a Remote Village of Assam to the University of Massachusetts.

220.00

SKU: PB0082 Categories: , , , Tag:

বিজ্ঞানী ৰুবুল মাউতে মনচুই যোৱা বৰ্ণনাৰে তেওঁৰ শিক্ষাজীৱনৰ পৰিক্ৰমা অতি সাৱলীল ভাৱে গ্ৰন্হখনত তুলি ধৰিছে৷ অমানুসিক কষ্ট/ দৰিদ্ৰতাক কেনেকৈ পৰিয়ালৰ মানুহে ( বিশেষকৈ মাক-দেউতাক -ককায়েক) মুখামুখি হৈ এই দীঘলীয়া যাত্ৰাত ৰুবুলক আগবঢ়াই দিছিল গ্ৰন্থখন পঢ়িলে সেই পৰিয়ালটোৰ প্ৰতি শ্ৰদ্ধাত মূৰ দো খাই যাব৷ আৰু যি সকল ব্যক্তিয়ে দৰিদ্ৰতাৰ গ্ৰাসক অতিক্ৰমি নিজকে প্ৰতিষ্ঠা কৰিছে তেওঁলোকে গ্ৰন্থখন পঢ়িলে নিজৰ জীৱন বৃতান্তকে বিচাৰি পাব আৰু তপত চকুলো এধাৰ বৈ আহিব৷

গ্ৰন্থখন আমি ভাৱো নতুন প্ৰজন্মৰ সাহসৰ দলিল৷ লক্ষ্য আৰু একাগ্ৰতাই মানুহক কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে তাৰ জীয়া কাহিনী এই গ্ৰন্হখন আছে ৷ কেৱল এয়াই নহয় বিজ্ঞানীহোৱাৰ পাছতো নিজৰ পৰিয়াল, গাঁৱক পাহৰি নগৈ তেওঁৰ দায়িত্ববোধ সঠিকভাৱে ৰাখিছে ৷ তদুপৰি অতীতত তেওঁ কষ্ট স্বীকাৰ কৰা সকলক প্ৰতি এতিয়াও শ্ৰদ্ধানত এয়া নতুন পুৰুষৰ বাবে আদৰ্শস্বৰূপ৷

অভিভাৱক সকলে /তেওঁলোকৰ পৰিয়ালৰ উঠি অহা প্ৰজন্মক গ্ৰন্হখন পঢ়িবলৈ দিয়ক আৰু নিজেও পঢ়ক৷

গ্ৰন্হ খন কেৱল ৰুবুল মাউতৰ সংগ্ৰামৰ জীয়া কাহিনী নহয় , এয়া দৰিদ্ৰ জীৱন গৰকি অহা সকলৰো জীয়া কাহিনী৷ তদুপৰি গ্ৰন্থ হিচাপেও অতি সুখপাঠ্য৷

আশা কৰিছোঁ বিজ্ঞানী হিচাপে তেওঁৰ কৃতি বিশ্বজুৰি হওক, অসম -ভাৰতৰ নাম উজ্বলাওক আৰু লেখক জীৱনোবৰ্তি থাকক৷ —জীৱন নৰহ

*************************************************

“জীৱনটো ঠিক তেনেকুৱাই ( ট্ৰেজাৰ হান্ট খেলবিধৰ দৰে৷) আৰম্ভণিতে এটা লক্ষ্য থাকে৷ সেই লক্ষ্যত উপনীত হোৱাৰ পাছত নতুন সুযোগ আহে, ফলত নতুন লক্ষ্যত উপনীত হোৱাৰ আকাংক্ষা জন্মে৷ এইদৰে লক্ষ্য খেদি খেদি গৈ থাকোঁতে শেষত আপুনিও এটা মহামূল্যৱান সম্পদ পাই যাব পাৰে৷ মনত ৰাখিব লক্ষ্যৰপৰা বিচলিত হ’লেই আপুনি সেই মহা মূল্যৱান সম্পদটি আয়ত্ত কৰাৰপৰা বনচিত হ’ব পাৰে!”

“মানুহে জীৱনত অৰ্জন কৰা কৃতি,খ্যাতি মাথোঁ জীৱনৰ কেইটিমান বিশেষ মুহূৰ্তৰ সমাহাৰ৷ …কৃচ্ছ সাধনা আৰু ভাগ্যই মানুহক বহু ওপৰলৈ উত্তোলিত কৰিব পাৰে৷ নহ’লে এই নিৰ্মম পৃথিৱীখনত মূল্যবোধৰ জীৱন এটা যাপন কৰিবলৈকে কঠিন হৈ পৰে৷ কষ্ট আৰু ভাগ্য: কষ্টেৰে ভাগ্য নিৰ্মাণ কৰিব পাৰি৷ মোৰ ভাগ্যৰ লগত জৰিত হৈ আছে এটা পৰিয়ালৰ শ্ৰম”

“শূন্যতাৰপৰা আকৌ জীৱন আৰম্ভ…”

….. ৰুবুল মাউত, “মোৰো এটা সপোন আছে”

*************************************************

বিগ এফ এম আজিৰ পৃষ্ঠাত “মোৰো এটা সপোন আছে”

                                                                                                                                    

Page(s)

156

variant

Released

20th Edition: Jan, 2021

Publisher

Purbayon Publication

1 review for Muru Eta Sapon Ase

  1. Rupak Das

    Best book of my life…

Add a review

Your email address will not be published. Required fields are marked *