Back Cover
Look Inside

Sirar Babe Ejopa Haladhiya Sonaru : (Laburnum for My Head), শিৰৰ বাবে এজোপা হালধীয়া সোণাৰু, জুৰি দত্ত

উত্তৰ পূবৰ ইংৰাজী সাহিত্যৰ অনন্য প্ৰতিনিধি
টেমচুলা আওৰ সাহিত্য অকাদেমি বঁটা বিজয়ী গ্ৰন্থৰ অসমীয়া ৰূপ

180.00

Reviews

There are no reviews yet.

Be the first to review “Sirar Babe Ejopa Haladhiya Sonaru : (Laburnum for My Head), শিৰৰ বাবে এজোপা হালধীয়া সোণাৰু, জুৰি দত্ত”

Your email address will not be published. Required fields are marked *

Editorial Review

উত্তৰ পূবৰ শিক্ষা আৰু সাহিত্যৰ জগতখনত টেমচুলা আওৰ অৱদান অনন্য৷ ভাৰতীয় ইংৰাজী সাহিত্যৰ ঐতিহ্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হোৱা এইগৰাকী ‘চেলিব্ৰিটী’ কবি, গল্পকাৰৰ ২০১৩ চনৰ সাহিত্য অকাদেমি বঁটাপ্ৰাপ্ত  Laburnum for My Head গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছে ড॰ জুৰি দত্তই৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড॰ দত্তৰ অনুবাদৰ সাৰ্থকতা নিৰূপন কৰে অনুবাদক হিচাপে তেওঁ লাভ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিয়েই৷ ‘কছাৰেথি : আৰায়া নাৰী’ উপন্যাসখনৰ বাবে তেওঁ লাভ কৰিছে ২০২২ চনৰ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা৷ ‘শিৰৰ বাবে এজোপা হালধীয়া সোণাৰু’, ‘এজন চিকাৰীৰ মৃত্যু’, ‘বিমানঘাটী বিক্ৰী কৰা ল’ৰাজন’, ‘চিঠিখন’, ‘তিনিগৰাকী নাৰী’, ‘এটা সহজ প্ৰশ্ন’ আৰু ‘ছনী’ নামৰ আঠটা অতুলনীয় গল্পৰ এই সংকলখনৰ অনুবাদো সমানে ৰসোত্তীৰ্ণ৷ উত্তৰ পূবৰ সাহিত্যৰ উজ্জ্বলতা আৰু গভীৰতাক অনুধাৱন কৰিব বিচৰা তথা সাৰ্থক অনুবাদৰ স্বাদ ল’ব বিচৰা যিকোনো পঢ়ুৱৈৰ বাবেই এই গ্ৰন্থখন এখন অবিকল্প গ্ৰন্থ হিচাপে বিবেচিত হোৱাৰ যোগ্য৷