Editorial Review
বিশ্ব ইতিহাসৰ এক পাহৰিব নোৱৰা ক’লা অধ্যায় হৈছে হিটলাৰৰ ইহুদি নিধন যজ্ঞ। হিটলাৰৰ দৰে নৃশংস একনায়কে ইহুদিসকলৰ নৃগোষ্ঠীয় চাফাইৰ যি দুৰাকাংক্ষা কৰিছিল, সেই দুৰাকাংক্ষাই জাতিটোলৈ অন্ধকাৰ নমাই অনাৰ উপক্ৰম ঘটাইছিল আৰু মানুহক অৱৰ্ণীয় পীড়াৰ মাজলৈ ঠেলি দিছিল। সেয়া ইতিহাসৰ পাতত কলংকিত এক অধ্যায় হিচাপেই লিখা আছে। কিন্তু যুঁজাৰু জাতিটোৱে এই দুৰ্যোগ অতিক্ৰম কৰি এদিন নিজকে পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল আৰু ইজৰাইলৰ দৰে এখন শক্তিশালী দেশৰ প্ৰতিষ্ঠাও সম্ভৱ হৈ উঠিল। ইহুদি নিধনযজ্ঞৰ এই কলংকিত কাহিনী, ইহুদিসকলৰ পুনৰুত্থানৰ বুৰঞ্জী সামৰি লিয়ন ইউৰিচে লিখা বিশ্ববিখ্যাত উপন্যাস ‘এক্সোডাছ’ৰ সাৰ্থক অসমীয়া ৰূপান্তৰ কৰিছে ননী চহৰীয়া বৰাই। তেওঁৰ সাৱলীল ভাষা আৰু প্ৰাণস্পৰ্শী লিখনৰীতিয়ে এই উপন্যাসখনক অসমীয়া পঢ়ুৱৈৰ কাষ চপাই আনিবলৈ সক্ষম হৈছে। বিশ্ব ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়ক সামৰি লোৱা উপন্যাসখন ননী চহৰীয়া বৰাৰ অনুবাদত হৈ উঠিছে অসমীয়া সাহিত্যৰো এক অমূল্য সম্পদ।
কেৱল ইতিহাসক জনা বা বুজাৰ বাবেই নহয়, মানুহৰ যন্ত্ৰণা, সংগ্ৰাম আৰু পুনৰুত্থানৰ প্ৰেৰণাদ্বীপ্ত বুৰঞ্জীক অনুধাৱন কৰাৰ বাবেও এই উপন্যাসৰ ভূমিকা হ’ব অতুলনীয়।
Reviews
There are no reviews yet.