Kuchiyanama, কুঁচিয়ানমা, সুপ্ৰকাশ ভূঞা

সময়ৰ প্ৰদাহ আৰু উষ্ণতা কঢ়িওৱা এগৰাকী গল্পকাৰৰ কেইটামান নিটোল গল্প

190.00

Categories: ,

Reviews

There are no reviews yet.

Be the first to review “Kuchiyanama, কুঁচিয়ানমা, সুপ্ৰকাশ ভূঞা”

Your email address will not be published. Required fields are marked *

Editorial Review

নতুনৰ প্ৰতি স্বাভাৱিকতেই থাকে সকলোৰে আগ্ৰহ আৰু আকৰ্ষণ। আৰু সেই নতুনে যদি নতুন সম্ভাৱনা আৰু উদ্দীপনাৰ লহৰ কঢ়িয়াই আনে তেন্তে তেওঁৰ প্ৰতি আগ্ৰহ আৰু আকৰ্ষণো হয় অধিক গাঢ়। তেনে এগৰাকী গল্পকাৰ হৈছে সুপ্ৰকাশ ভূঞা। ২০০৮ চনত ‘গৰীয়সী চন্দ্ৰপ্ৰসাদ শইকীয়া চুটিগল্প প্ৰতিযোগিতা’ত স্থান লাভ কৰা গল্পকাৰগৰাকীৰ গল্পৰ প্ৰতি অসমীয়া গল্পত নতুনত্বসন্ধানী পঢ়ুৱৈসকলক তীব্ৰভাৱে আকৰ্ষিত কৰি তুলিছিল। সুপ্ৰকাশৰ কেইটামান নিটোল গল্পৰ সংকলন ‘কুঁচিয়ানামা’ আটোম-টোকাৰিকৈ আগবঢ়াই দিয়া হৈছে নতুননত্বসন্ধানী সেইসকল পঢ়ুৱৈলৈ।
অসমীয়া গল্পক নতুন গতিপথৰ সন্ধান দিব পৰা এইগৰাকী তৰুণৰ গল্প সম্পৰ্কে ড০ নগেন ঠাকুৰে লিখিছে, ‘সুপ্ৰকাশ ভূঞাৰ গল্পৰ চকুত লগা বৈশিষ্ট্য হৈছে কথন ভংগীৰ বাগাড়ম্বৰতা নোহোৱা বাংময়তা, সময় সচেতন বিষয় নিৰ্বাচনৰ দক্ষতা, বৰ্ণনীয় বিষয়ৰ চুম্বকত্ব আৰু প্ৰতীকাত্মক দ্যোতনা দিব পৰা কৌশল আৰু তাৰ মাজেৰে প্ৰকাশ হোৱা কথন-শৈলীৰ ৰসঘন মোহনীয়তা। তেওঁৰ গল্পত আছে সময়ৰ প্ৰদাহ আৰু উষ্ণতা।’
স্বকীয় কথনশৈলী আৰু গল্পভাষাৰে সুপ্ৰকাশে সমাজ-জীৱনৰ অনেক উপেক্ষিত দিশ গল্পৰ বিষয় কৰি লৈছে। বিভিন্ন সমাজ-ৰাজনৈতিক সমস্যাৱলীৰ সমান্তৰালভাৱে মানুহৰ অন্তৰ্জীৱনৰো গল্প কোৱা সুপ্ৰকাশৰ ‘কুঁচিয়ানামা’ই সকলো স্তৰৰ পঢ়ুৱৈকে আহ্লাদিত কৰিব বুলি নিশ্চিত।