Back Cover
Look Inside

Jonogosthiyo Sadhu Samagra, জনগোষ্ঠীয় সাধু সমগ্ৰ, দিব্যলতা দত্ত

অসমৰ পাহাৰে-ভৈয়ামে ঘূৰি সংগ্ৰহ কৰা নানাৰঙী বনফুলৰ দৰে বিৰল আৰু বৈচিত্ৰ্যপূৰ্ণ সাধুৰ অমূল্য সংকলন

490.00

Categories: ,

Reviews

There are no reviews yet.

Be the first to review “Jonogosthiyo Sadhu Samagra, জনগোষ্ঠীয় সাধু সমগ্ৰ, দিব্যলতা দত্ত”

Your email address will not be published. Required fields are marked *

Editorial Review

দিব্যলতা দত্তৰ ‘জনগোষ্ঠীয় সাধু সমগ্ৰ’ অসমীয়া সাহিত্যলৈ এক বিশিষ্ট অৱদান৷ এই গ্ৰন্থখনৰ পাতে পাতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ স্বকীয়তা আৰু প্ৰাণময়তাৰ আৱেশ বিয়পি আছে৷ সাধুকথাবোৰৰ সৰল আৰু অকপট কাহিনীবোৰে একো একোখন সমাজৰ ঐতিহ্য, পৰম্পৰা, তেওঁলোকৰ চিন্তাৰ গতিপথ, বিৱৰ্তিত সময়ৰ স্বাক্ষৰ দাঙি ধৰে৷ সেইফালৰ পৰা বিবেচনা কৰিলে এই গ্ৰন্থখনে লোক-সমাজ একোখনৰ ঐতিহ্য আৰু তাৰ বিৱৰ্তিত গতিপথৰ সম্ভেদো অতি স্পষ্টভাৱে দিব৷ অসমৰ পাহাৰে ভৈয়ামে ভ্ৰমি ফুৰি দিব্যলতা দত্তই বিচিত্ৰ বনফুলৰ দৰে এই সাধুবোৰ সংগ্ৰহ কৰিছে৷ তেওঁৰ এই গ্ৰন্থই অসমীয়া মূলসুঁতিক নীৰৱে সমৃদ্ধ কৰাৰ ক্ষেত্ৰত বিভিন্ন ক্ষুদ্ৰ জাতি-জনগোষ্ঠীৰ সৰু সুঁতিবোৰৰ গুৰুত্ব কিমান তাকো উপলব্ধি কৰাত সহায় কৰিব৷ আৰু অসমখনৰ প্ৰান্তে প্ৰান্তে স্বকীয়তাৰে বৰ্তি থকা জনগোষ্ঠী নামৰ সৰু সৰু দ্বীপবোৰলৈ যোৱাৰ বাটত ‘জনগোষ্ঠীয় সাধুকথা সমগ্ৰ’ সংকলখনে এখন সোণালী সাঁকোৰ কাম কৰিব৷
অসমখনক, ইয়াৰ নানা জাতি, জনজাতিৰ ঐতিহ্য আৰু পৰম্পৰাক সম্পূৰ্ণকৈ বুজিবলৈ দিব্যলতা এই সংকলনখন সংগ্ৰহ নকৰিলেই নহ’ব৷