Editorial Review
বিনীশা দেৱীৰ নতুন উপন্যাস ‘কুণ্ডলিনী’ এখন প্ৰেমৰ উপন্যাস। কিন্তু এই প্ৰেম ৰীতিবদ্ধ পৰিসীমাৰ মাজত আৱদ্ধ হৈ থকা প্ৰেম নহয়। ‘কুণ্ডলিনী’ৰ প্ৰেম, ঈশ্বৰীয় প্ৰেমৰ দৰেই মানুহৰ প্ৰতি থকা এক প্ৰেম। জীৱনৰ সঞ্জীৱনী হৈ উঠা প্ৰেম। গভীৰ অন্ধকাৰৰ মাজতো সূৰ্যোদয়ৰ স্বপ্ন দেখুওৱা প্ৰেম। হিংসাৰ বিপৰীতে জীৱনৰ জয়গান গোৱা প্ৰেমৰ কাহিনীৰেই এই উপন্যাসে গঢ় লৈছে। ড০ ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰ দেখ-অদেখা অনু্প্ৰেৰণাৰে এই উপন্যাসৰ কাহিনীয়ে গঢ় লৈছে। ‘উদিত সূৰ্য যদি লক্ষ্য হয়, তেন্তে সূৰ্যাস্তৰ পিনে ধাৱমান কিয়’ এই প্ৰশ্নৰ আঁত ধৰি আগবঢ়া এই উপন্যাসৰ কাহিনীয়ে পঢ়ুৱৈৰ মন মগজুক জোকাৰি নিব। প্ৰায় দুই দশকতকৈও অধিক সময় ধৰি সাহিত্য-সাধনা অব্যাহত ৰখা বিনীশা দেৱীয়ে এই উপন্যাসখনত অসমৰ তেজে ধোৱা দীঘল এছোৱা সময়ক পৃষ্ঠভূমি হিচাপে ৰাখিছে। কিন্তু এই হিংসা আৰু মাৰণাস্ত্ৰৰ ৰজনজননিৰ মাজতো প্ৰেমৰ অজেয় শক্তিৰ কথাকে তেওঁ প্ৰতিপন্ন কৰিছে। ঔপন্যাসিকৰ বাস্তৱ তথা স্বাক্ষুষ অভিজ্ঞতাই ইয়াক দিছে গভীৰ বৈচিত্ৰ্য তথা ব্যাপ্তি। প্ৰেম আৰু জীৱনৰ বিশালতাক আন সকলোৰে ঊৰ্ধ্বত প্ৰতিষ্ঠাপিত কৰিবলৈ ঔপন্যাসিকে কৰা সচেতন প্ৰয়াসে ‘কুণ্ডলিনী’ক দিছে এক অনন্য ৰূপ। ‘কুণ্ডলিনী’ এই গ্ৰন্থঋতুত পঢ়ুৱৈৰ আগ্ৰহৰ আৰু আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰাৰ আশা নিসন্দেহে কৰিব পাৰি।
Reviews
There are no reviews yet.