You are previewing: Pluviophile, প্লুভিঅ’ ফাইল, উজ্জ্বল দিপ্লু গগৈ

Pluviophile, প্লুভিঅ’ ফাইল, উজ্জ্বল দিপ্লু গগৈ
Author |
Ujjwal Diplu Gogoi |
---|---|
Publisher |
Purbayon Publication |


Related Products
Pluviophile, প্লুভিঅ’ ফাইল, উজ্জ্বল দিপ্লু গগৈ
Editorial Review
'দ্য টপ গিয়েৰ' আৰু 'দ্য লাইফ নীডচ্ ম'ৰ ' নামৰ দুখন ভ্ৰমণ বিষয়ক গ্ৰন্থৰে জনপ্ৰিয়তা লাভ কৰা উজ্জ্বল দিপ্লু গগৈৰ নৱতম সংযোজন 'প্লুভিঅ' ফাইল'-- অন্য এখন অগতানুগতিক ভ্ৰমণ-কাহিনী।
মহাৰাষ্ট্ৰৰ বিভিন্ন মনোমোহা ঠাই আৰু মুম্বাইৰ পৰা বাইকেৰে গোৱা ভ্ৰমণৰ বিচিত্ৰ অভিজ্ঞতাৰ লগতে গ্ৰন্থখনত আছে 'ফিফি' (pet)ৰ সৈতে অসমৰ পৰা মুম্বাইলৈ তিনি সহস্ৰ কিলোমিটাৰজোৰা সুদীৰ্ঘ ৰোড-ট্ৰীপৰ এটি ঘটনাবহুল মধুৰ কাহিনী।
বেডচে, পাৱনা, টিক'না, পেব আদি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মহাৰাষ্ট্ৰ বিভিন্ন ঠাইৰ চিত্তাকৰ্ষক চাক্ষুষ বৰ্ণনা আৰু বাইকিং, কেম্পিং, ট্ৰেকিঙৰ বিচিত্ৰ-বৰ্ণিল অভিজ্ঞতা 'প্লুভিঅ' ফাইল'ত এনেদৰে চিত্ৰিত হৈছে; যাৰ দ্বাৰা লেখক এজন ভ্ৰমণকাৰীয়ে হৈ থকা নাই, তেওঁ হৈ উঠিছে ভ্ৰমণ বৃত্তান্তৰ এজন নিপুণ কথক অথবা কাহিনীকাৰ।
ভ্ৰমণৰ বাটত সন্মুখীন হোৱা কোনো তিক্ত-মধুৰ কথাই হওক অথবা ভ্ৰমণসংগীৰে হোৱা সাধাৰণ বাৰ্তালাপ; যাত্ৰাপথৰ প্ৰতিটো সৰু-সৰু ঘটনা অথবা মুহূৰ্তৰেই তেওঁ এজন সূক্ষ্ম নিৰীক্ষক; যিয়ে যাত্ৰাপথৰ খণ্ডচিত্ৰবোৰ পাঠকে কল্পনাৰে বাস্তৱায়িত কৰি ল'ব পৰাকৈ সজীৱ আৰু জীৱন্ত কৰি তোলাত সহায় কৰিছে।
কেৱল গন্তব্য স্থান অথবা যাত্ৰা-পথে সামৰি লোৱা কথাই নহয়; নহয় কেৱল ঠাইসমূহৰ নৈসৰ্গিক শোভাৰ কাব্যিক বৰ্ণনাও; বৰঞ্চ ঠাইসমূহৰ ভাষিক, সাংস্কৃতিক, ভৌগোলিক আৰু ঐতিহাসিক তথ্যৰ উপৰি স্থানীয় মানুহবোৰৰ আচাৰ-আচৰণ, আতিথ্য আন্তৰিকতা আদি আনুষংগিক কোনো এটা কথাই গ্ৰন্থখনত বাদ পৰি ৰোৱা নাই। সেইবাবেই 'প্লুভিঅ' ফাইল' কেৱল এখন একঘেয়ামি ভ্ৰমণ কাহিনী থকা নাই।
সমান্তৰালভাৱে, ছেগ বুজি লেখকে ঠায়ে ঠায়ে উবুৰিয়াই দিছে মনত উদ্ৰেক হৈ উঠা ভাবৰাশিও। পেব দুৰ্গলৈ যোৱাৰ বাটত চৌপাশে আৱৰি থকা পাহাৰৰ আৱেষ্টনী এটিত ৰৈ তেওঁ কৈ উঠিছে-
"এই বিশাল পাহাৰবোৰৰ বিশালতাৰ আগত আমি মানুহবোৰ যে কিমান ক্ষুদ্ৰ!... 'পাহাৰে মানুহৰ অহংকাৰৰ পাহাৰটো নিমিষতে মোহাৰি পেলাব পাৰে'। ক'ত সেই বিশালাকৃতি আৰু ক'ত আমি কঢ়িয়াই লৈ ফুৰা মিছা অহংকাৰবোৰ! "(পৃষ্ঠা ৯৯)
লেখকৰ দৃষ্টি আৰু অনুভৱেৰে তুলি ধৰা এই জগতখন পাঠকৰ বাবেও এনে এখন নতুন আৰু অনন্য পৃথিৱী; দৈনন্দিন কৰ্মব্যস্ততা অথবা গতানুগতিক প্ৰাত্যহিকতাক নিলগাই ৰাখি যিখন পৃথিৱী পৰিভ্ৰমণ হাবিয়াস প্ৰত্যেকেই পুহি ৰাখে ।
Reviews
There are no reviews yet.