Look Inside

Shimalu Sagar, শিমলু সাগৰ, সৌৰভ শইকীয়া

‘ভাবনাৰ ওপৰে কি চৰাই উৰিলে/ দেখোঁ ৰঙা ৰঙা ঠোঁট/
কবিতা বগীতৰা সোণৰ গিলিপ মৰা/ কপালত সেন্দুৰৰ ফোঁট…’

140.00

20 in stock

SKU: PB-224 Categories: ,
Weight 0.2 kg
Dimensions 21 × 14 × 3 cm
Publisher

Purbayon Publication

Reviews

There are no reviews yet.

Be the first to review “Shimalu Sagar, শিমলু সাগৰ, সৌৰভ শইকীয়া”

Your email address will not be published. Required fields are marked *

Editorial Review

সৌৰভ শইকীয়াৰ কবিতা মানেই এটা শিহৰণ, বিদ্যুৎসঞ্চাৰী আৱেগ আৰু অনুভৱৰ দ্ৰুতবেগ৷ বোধ আৰু অনুভৱৰ চমৎকাৰ সন্তুলন তথা ঈৰ্ষণীয়ভাৱে প্ৰৱহমান, তৰংগময় এটা ভাষা৷ অসমীয়া নতুন কবিতালৈ চমকপ্ৰদ পৰিৱৰ্তন আৰু প্ৰাণ চাঞ্চল্য কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কবিগৰাকীৰ কবিতাই অসমীয়া নতুন কবিতাৰ জুৰিটোলৈ বসন্তৰ উচ্ছল সোঁতহে যেন কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ ‘শিমলু সাগৰ’ সৌৰভ শইকীয়াৰ প্ৰথম কাব্য সংকলন৷ প্ৰখৰ ৰঙা ৰং, পৰিৱৰ্তনৰ জ্যোতিৰ উত্তাপত গা পখালি ভৰ যৌৱনা হৈ পৰা এই কবিতাবোৰে প্ৰকাশ কালতেই তুমুল আলোড়ন তুলি দিছিল বৌদ্ধিক মহলত৷ কাব্যগ্ৰন্থখনৰ প্ৰতি পঢ়ুৱৈৰ সঁহাৰি আছিল অভূতপূৰ্ব৷ কাহানিবাই এই সংকলনখনৰ বিক্ৰী শেষ হোৱাৰ পাছতো নতুন পঢ়ুৱৈৰ আগ্ৰহ হ্ৰাস হোৱা নাই৷ কবিৰ প্ৰথম পৰ্বৰ সৃষ্টিৰ লগত আজিৰ প্ৰজন্মৰ সেতুবন্ধন হওক, নৱজাগৰণ হওক– তেনে ইচ্ছােৰই সমৃদ্ধ ফচল পূৰ্বায়ণৰ এই শেহতীয়া সংস্কৰণ৷