Weight | 0.2 kg |
---|---|
Dimensions | 21 × 14 × 3 cm |
Author |
Ankita Baroah |
Publisher |
Purbayon Publication |
Editorial Review
যিসকল তৰুণ গল্পকাৰে প্ৰচুৰ সম্ভাৱনা আৰু তীক্ষ্ণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত অংকিতা বৰুৱা অগ্ৰণী৷ গল্পকাৰগৰাকীৰ ১২টা গল্পৰ সংকলন 'জোনবিলৰ ভেনাছ'৷ অতি সংবেদনশীল গল্পকাৰগৰাকীয়ে এই গ্ৰন্থখনত সংকলিত কৰা গল্পসমূহত নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে৷ প্ৰাণসঞ্চাৰী ভাষা আৰু আকৰ্ষণীয় আংগিকেৰে গল্পকাৰে লিখা গল্পসমূহ অতি সুখপাঠ্য আৰু আৱেগত আলোড়ন তুলিব পৰা ধৰণৰ৷ মানুহৰ বিষণ্ণতা, নিসংগতা, একাকীত্ব, জীৱনৰ অৰ্থ আৰু উদ্দেশ্যহীনতাক তেওঁ গল্পত উত্থাপন কৰিছে৷ গল্পসংকলনখনত সন্নিৱিষ্ট প্ৰখ্যাত সমালোচত ড॰ আনন্দ বৰমূদৈৰ পাতনিয়ে ইয়াৰ মৰ্যাদা আৰু গুৰুত্ব স্বৰূপাৰ্থতে বৃদ্ধি কৰিছে৷ নতুন গল্পকাৰৰ গল্পচৰ্চাৰ গতিধাৰা আৰু প্ৰতিভাৰ উমান পাবলৈ হ’লে সকলো সচেতন পঢ়ুৱৈয়ে পঢ়িব লাগিব অংকিতা বৰুৱাৰ ‘জোনবিলৰ ভেনাছ’৷ অংকিতা বৰুৱাৰ গল্পই সাহিত্যৰসিকৰ ৰসজিজ্ঞাসাক অনায়াসে পৰিতৃপ্ত কৰি তুলিব।
Reviews
There are no reviews yet.