Editorial Review
সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এটা প্ৰতিষ্ঠিত নাম ড॰ ৰত্নোত্তমা দস বিক্ৰম৷ ঔপন্যাসিক, গৱেষক, অনুবাদক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ৰত্নোত্তমা দাস বিক্ৰমে বাতৰিকাকতত লিখা স্তম্ভৰেও অতি জনপ্ৰিয় হৈ পৰিছে৷ বাতৰি কাকতত তেওঁ বিভিন্ন সময়ত লিখা একাধিক জনপ্ৰিয় স্তম্ভলেখাৰ নিৰ্বাচিত কিছুসংখ্যক লেখা সামৰিয়েই তেওঁ এই গ্ৰন্থখন যুগুতাই উলিয়াইছে৷ এই লেখাসমূহ মূলতঃ লেখিকাৰ অভিজ্ঞতা নিসৃত লেখা হ’লেও সময়ৰ কিছুমান ছায়া-ছবি, কঠিন আৰু যাতনাগধুৰ সময়ৰ ধাৰাভাষ্য লেখাসমূহে তুলি ধৰিছে৷ লেখিকাৰ অধ্যয়নৰ বিস্তৃত পৰিসৰ আৰু আৰু অভিজ্ঞতাৰ বিচিত্ৰতাই লেখাবোৰৰ গভীৰতা আৰু ব্যাপ্তি অধিক বৃদ্ধি কৰিছে৷ গ্ৰন্থখনত সন্নিৱিষ্ট ‘পোহৰৰ তুলিকা’, ‘হিন্দু কি মুছলমান’, ‘দিঘিল’, ‘সন্ত্ৰাসৰ স্মৃতিবোৰৰ পৰ্যটন’, ‘বলিৰ গাহৰি মাংসৰ প্ৰসাদৰ টোপোলা দুটা’, ‘কাৰণ, দূৰৈৰ কাৰ্বি গাঁও কিছুমানত মই ঘূৰি ফুৰিছিলোঁ’ আদিত তেওঁৰ অভিজ্ঞতাৰ বিস্তৃতি, বোধৰ পৰিসৰ আৰু সমাজ সচেতনতাৰ নিদৰ্শনকে দাঙি ধৰিছে৷
Reviews
There are no reviews yet.